Loading...
এপষ্টিনে পেলোৱা জাল

Current Affairs

এপষ্টিনে পেলোৱা জাল

By Dr Kuladip Dutta on 13 Feb 2026

এইটো এপষ্টিন ফাইলৰ ৰহস্য ভেদৰ দ্বিতীয়টো পোষ্ট আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। আমেৰিকা চৰকাৰে মুকলি কৰা ৩৫ লাখ নথি - পত্ৰৰ আৰু বহুসংখ্যক ভিডিঅ'ৰ পৰা এইটো নিশ্চিত হৈছে যে সৰ্বমুঠ ১২০০ জনী ছোৱালী নিৰ্যাতিতা হৈছিল। সিহঁতৰ বয়স ১২ ৰ পৰা ১৭ আছিল। তাৰে মুঠ ১৬ জনীয়ে কোৰ্টৰ সন্মুখত নিজৰ ভয়ানক অতীতৰ কথা ৰাখিছে। তাৰে চাৰিজনী ছোৱালীৰ পৰিচয় ভুলবশতঃ ৰাজহুৱা হৈ পৰে।

এতিয়া ইমানমখা ছোৱালীক এপষ্টিনে নিজৰ ব্যক্তিগত দ্বীপ ' লিটল চেইণ্ট জেমছলৈ ' নিছিল কেনেকৈ ?? উত্তৰ এখন বিশাল প্ৰলোভনৰ জাল প্ৰস্তুত কৰিছিল সংগী গিলেইন মেক্সৱেলৰ লগত লগ লাগি।

জেফ্ৰী এপষ্টাইন আৰু গিলেইন মেক্সৱেলে সাধাৰণতে ছোৱালীবোৰক ৰাস্তাৰ পৰা উঠাই নিয়া বা অপহৰণ কৰা নাছিল........ তেওঁলোকে অতি পৰিকল্পিতভাৱে 'গ্ৰুমিং' পদ্ধতি ব্যৱহাৰ কৰিছিল । কি এই গ্ৰুমিং পদ্ধতি ?? এপষ্টিন ফাইল আৰু আদালতৰ নথিৰ পৰা পোৱা তথ্যসমূহ এনেধৰণৰ:

প্ৰলোভন আৰু বিশ্বাস : তেওঁলোকে সাধাৰণতে আৰ্থিকভাৱে পিছপৰা বা অসুৰক্ষিত পৰিৱেশৰ পৰা অহা কিশোৰীসকলক লক্ষ্য কৰি লৈছিল । মেক্সৱেলে প্ৰথমে তেওঁলোকৰ সৈতে বন্ধুত্ব কৰিছিল আৰু এজনী 'ডাঙৰ ভনী' বা হিতৈষীৰ দৰে বিশ্বাস জয় কৰি লৈছিল ।

মিছা প্ৰতিশ্ৰুতি : ছোৱালীবোৰক কৈছিল যে তেওঁলোকক পঢ়া-শুনাৰ বাবে জলপানি দিয়া হ’ব, মডেলিং কেৰিয়াৰ গঢ়ি দিয়া হ’ব বা দামী হোটেলত চাকৰি দিয়া হ’ব ।

মালিচৰ অজুহাত ( The Massage Guise ): প্ৰথম অৱস্থাত তেওঁলোকক কেৱল এপষ্টাইনক 'মালিচ' ( Massage ) কৰি দিবলৈহে মাতি নিয়া হৈছিল আৰু তাৰ বিনিময়ত বহু টকা দিয়া হৈছিল । এইদৰে লাহে লাহে তেওঁলোকক শোষণ চক্ৰটোত সোমাই পেলোৱা হৈছিল ।

দ্বীপত আবদ্ধ কৰা ( Isolation ) : এবাৰ দ্বীপটোলৈ যোৱাৰ পিছত ছোৱালীবোৰ অসহায় হৈ পৰিছিল কাৰণ সেইটো এটা ব্যক্তিগত দ্বীপ আছিল আৰু তাৰ পৰা পলাই অহাৰ কোনো উপায় নাছিল । কিছুমানৰ পৰা পাছপোৰ্ট কাঢ়ি লোৱা হৈছিল বুলিও অভিযোগ আছে ।

বন্ধুয়ে আন বন্ধুক অনা ( Friend-to-Friend Recruitment ) : এপষ্টিনে ছোৱালীবোৰক তেওঁলোকৰ স্কুলৰ বান্ধবীবোৰকো লৈ আহিবলৈ টকা দিছিল যি আছিল প্ৰতিজনীৰ বিনিময়ত 200 ৰ পৰা 300 ডলাৰ । ইয়াৰ ফলত নতুন ছোৱালীবোৰে নিজৰ চিনাকি মানুহৰ সৈতে আহি...... সুৰক্ষিত অনুভৱ কৰিছিল ।
চমুতে ক’বলৈ গ’লে, তেওঁলোকে বলপ্ৰয়োগ কৰি অপহৰণ কৰাতকৈ মানসিকভাৱে নিয়ন্ত্ৰণ ( Psychological Manipulation ) কৰি ছোৱালীবোৰক নিজৰ ফান্দত পেলাইছিল ।

জেফ্ৰী এপষ্টাইনৰ দ্বীপ আৰু তেওঁৰ অপৰাধমূলক সাম্ৰাজ্যৰ বিৰুদ্ধে প্ৰথম অভিযোগ উত্থাপন কৰা ব্যক্তিগৰাকী আছিল মাৰিয়া ফাৰ্মাৰ । মাৰিয়া ফাৰ্মাৰ এগৰাকী শিল্পী আছিল । ১৯৯৬ চনত তেওঁ প্ৰথমবাৰৰ বাবে নিউয়ৰ্ক আৰক্ষী ( NYPD ) আৰু এফবিআইৰ ( FBI ) ওচৰত এপষ্টাইন আৰু গিলেইন মেক্সৱেলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ।

তেওঁ অভিযোগ কৰিছিল যে এপষ্টিনে তেওঁক আৰু তেওঁৰ ১৬ বছৰীয়া ভগ্নী এনী ফাৰ্মাৰক যৌন নিৰ্যাতন চলাইছিল । কিন্তু কৰ্তৃপক্ষই কথাটোত বিশেষ গুৰুত্বয়েই নিদিলে। মাৰিয়া ফাৰ্মাৰে এতিয়া আমেৰিকা চৰকাৰৰ বিৰুদ্ধেই গোচৰ তৰিছে। তেওঁৰ মতে, যদি ১৯৯৬ চনতেই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন......তেন্তে পৰৱৰ্তী ৩০ বছৰত ১২০০ কিশোৰী শোষণৰ বলি হোৱাৰ পৰা ৰক্ষা পৰিলহেঁতেন ।

যদিওবা মাৰিয়া ফাৰ্মাৰেই প্ৰথমে অভিযোগ কৰিছিল, ভাৰ্জিনিয়া জুফ্ৰে আছিল সেইগৰাকী ব্যক্তি যিয়ে ২০১১ চনত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে নিজৰ পৰিচয় দি এপষ্টিনৰ বিৰুদ্ধে আইনী যুদ্ধ আৰম্ভ কৰিছিল ।

( কোনোবাই নিজে নথি - পত্ৰবোৰ চাবলৈ বিচাৰিলে গোগলত এপষ্টিন ফাইল চাৰ্চ কৰি দিব । তাত প্ৰথমতেই আমেৰিকাৰ ন্যায় বিভাগৰ ( DOJ ) ৱেবছাইটটো আহিব তাত Data Set 12 Files আহিব তাত ক্লিক কৰিলে ভালেখিনি PDF চাব পাৰিব )