Loading...
দ্যা এপষ্টিন ফাইলচ্

Current Affairs

দ্যা এপষ্টিন ফাইলচ্

By Dr Kuladip Dutta on 11 Feb 2026

এইকেইটামান দিন এপষ্টিন ফাইলৰ বিষয়ে কেৱলমাত্ৰ জনপ্ৰিয়তাৰ কাৰণেই বহুতো কণ্টেণ্ট ক্ৰিয়েটৰে ইউ টিউবত সম্পূৰ্ণ ভুল তথ্য প্ৰচাৰ কৰি আছে । তাত প্ৰচাৰিত শিশুৰ মাংস খোৱা বা বলি দিয়া এইবোৰ সম্পূৰ্ণ মিছা কথা হয় । বহুটো ফটো কৃত্ৰিম বুদ্ধিমত্তাৰ ( AI ) সহায়ত বনোৱা হৈছে যাক সচাঁ বুলি ব্যবহাৰ কৰি থকা হৈছে । এই বিষয়টো যঠেষ্ট ডাঙৰ গতিকে তিনিটা লিখনিৰ জৰিয়তে আচল কাহিনীটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম ।

________এপষ্টিন ফাইলৰ ৰহস্য ( ১ ) 🔍💥

📁 ব্যক্তি গৰাকীৰ সম্পূৰ্ণ নাম আছিল জেফ্ৰী এপষ্টিন । তেওঁ আছিল এজন আমেৰিকান ইনভেষ্টমেণ্ট বেংকাৰ যি নাবালিকা ছোৱালীৰ যৌন নিৰ্যাতন আৰু মানৱ সৰবৰাহৰ অভিযোগত অভিযুক্ত হৈছিল। তাৰোপৰি ক'বলৈ গ'লে পিছলৈ এপষ্টিনে একপ্ৰকাৰ দালাল হিচাপে কাম কৰিছিল । এপষ্টিনৰ এটা ব্যক্তিগত দ্বীপ আছিল, যাৰ নাম আছিল লিটল চেইণ্ট জেমছ । এই দ্বীপটোতেই বিভিন্ন প্ৰকাৰে ১২ ৰ পৰা ১৭ বছৰৰ বহুটো নাবালিকাক‌ আবদ্ধ কৰি ৰাখিছিল । তাতেই নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ উপৰিও বিশ্বৰ ধনী মানুহখিনিৰ অবসৰ বিনোদনৰ কেন্দ্ৰ কৰি তুলিছিল। 🏝️⛓️

📁 তেওঁক ২০০৮ চনত ফ্লোৰিডাত অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। পিছত ২০১৯ চনত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অভিযোগৰ সন্মুখীন হৈছিল। তেওঁৰ সহযোগী আছিল গিলেইন মেক্সৱেল যি বৰ্তমানো কাৰাবন্দী হৈ আছে । আচৰিতভাবে ২০১৯ চনত এপষ্টিনে জেলৰ ভিতৰতেই আত্মহত্যা কৰে । যি এতিয়াও ৰহস্যজনক হৈয়েই আছে...... কাৰণ বহুতে ক'ব খোজে এয়া‌ এক পৰিকল্পিত হত্যাকাণ্ড আছিল কাৰণ বহুতো ডাঙৰ মানুহৰ কূ কিৰ্তী ফাদিল হ'বলৈ গৈ আছিল । 😈😈

📁 কিন্তু এপষ্টিনে মৰাৰ পিছতহে বেছি চৰ্চিত হৈ পৰিল । আমেৰিকাৰ সংসদে এপষ্টিন ফাইলচ্ ট্ৰেন্সপাৰেঞ্চি এক্ট ( Epstein Files Transparency Act ) পাছ কৰাৰ পিছত ২০২৫ চনৰ আৰম্ভণিৰ পৰা প্ৰায় ১০ লাখতকৈ ও অধিক নথি-পত্ৰ আৰু বহুতো ভিডিঅ' মুকলি কৰা হৈছে । ইয়াৰ ফলত বিশ্বৰ বহুটো প্ৰভাৱশালী ব্যক্তিৰ নাম পোহৰলৈ আহিছে। এই তালিকাত আছে ডনাল্ড ট্ৰাম্প, বিল ক্লিণ্টন , মাইকেল জেকচন , ব্ৰিটেইনৰ ৰাজকুমাৰ এণ্ড্ৰুৰ , ষ্টিফেন হকিং ,ভাৰতৰ মীৰা নায়াৰৰ দৰে প্ৰভাৱশালী ব্যক্তিৰ নাম আছিল। আনকি বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি ইলন মাস্কৰ ( Elon Musk ) নামো কিছুমান ইমেইলত উল্লেখ আছে । এই ইমেইলসমূহে তেওঁ এপষ্টাইনৰ সৈতে ডিনাৰ কৰা আৰু তেওঁক ডাইৰেক্ট মেছেজ পঠোৱাৰ কথা ইংগিত দিয়ে, যদিওবা মাস্কে...... কোনো অপৰাধত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।😲😲

📁 তাৰোপৰি নৰেন্দ্ৰ মোদী আৰু অনিল আম্বানীৰ নামো এপষ্টিনে নিজৰ ই মেইলত উল্লেখ কৰিছিল । ২০১৭ চনৰ এটা ইমেইলত এপষ্টিনে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পৰা পৰামৰ্শ বিচাৰিছিল 📧। এপষ্টিনে লিখিছিল যে মোদীৰ ২০১৭ চনৰ ইজৰাইল ভ্ৰমণৰ সময়ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সন্তুষ্টিৰ বাবে তাত নাচিছিল আৰু গান গাইছিল ( অৰ্থাৎ প্ৰশংসা কৰিছিল ) 🇮🇱।
অৱশ্যে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ( MEA ) এই দাবীবোৰক এজন দণ্ডপ্ৰাপ্ত অপৰাধীৰ অসাৰ প্ৰলাপ ( trashy ruminations ) বুলি অভিহিত কৰি নাকচ কৰিছে 🚫। মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে যে মোদীৰ ইজৰাইল ভ্ৰমণ আছিল সম্পূৰ্ণৰূপে এটা আনুষ্ঠানিক কূটনৈতিক ভ্ৰমণ আৰু ইয়াৰ সৈতে এপষ্টিনৰ কোনো সম্পৰ্ক নাছিল । অনিল আম্বানীয়ে এপষ্টিনৰ জৰিয়তে আমেৰিকাৰ উচ্চপদস্থ বিষয়াক লগ কৰিবলৈ চেষ্টা কৰিছিল। 😲😲

📁 এতিয়া আপোনালোকৰ মনলৈ নিশ্চয়কৈ এই প্ৰশ্ন আহিছে যে ইমানবোৰ তথ্য ট্ৰাম্পে মুকলি‌ কৰিবলৈ অনুমতি কিয় দিলে য'ত তেওঁ নিজেই জড়িত হৈ আছে । তদন্তকাৰী সংস্থা আৰু ভুক্তভোগীৰ হেঁচাত আমেৰিকা চৰকাৰে এই তথ্যসমূহ মুকলি কৰিবলৈ বাধ্য হৈ পৰে যাতে এপষ্টিনৰ সহযোগীসকলক চিনাক্ত কৰি শাস্তি দিব পৰা যায় ।