Arts & Entertainment
মমতাৰ চিঠি: হেম বৰুৱা
By Himadri Dutta on
10 Nov 2025
মৰমৰ,
এয়া ম’ম এডাল জ্বলাই লৈছো
আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি
বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে
চাওঁ খিৰিকীখন জপাই দিওঁ
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে?
আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো
মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল
সিদিনা আছিল কাতিৰ কুঁৱলীসনা কোমল পুৱা
পদুলিত তল সৰা শেৱালিবোৰ উপচি আছিল
আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ ন কৈ আহিবৰ দিনা
আকাশৰ মেঘৰ মোহনাত
হালধীয়া জোনটো নাওখন লৈ
আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ
মই লোৱা কঁকালৰ ৰিহাখনলৈ
তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা
মোৰ কেনে লাগিছিল জানা?
তুমি যেন কোনোবা দূৰ বিদেশৰ
স্বপ্নাতুৰ আলোকৰ মানুহ আৰু মই?
মই যেন তলসৰা এপাহ শেৱালি
সেইদিনা মন সাগৰত মোৰ
এৰি অহা আৰু আহি পোৱা
অলেখ ঢৌৰ কঁপনি জাগিছিল
তোমাৰ জানো এইবোৰ কথা মনত নাই?
আমাৰ দেউতাই যে চিঠি লিখিছিলে
“আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি”
এইবোৰ সাত বছৰৰ আগৰ কথা:
মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে।
জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ’ল।
তোমাৰ বাবুল এতিয়া বৰটো হৈছে,
তাৰ ওপৰপাৰিত এধানিমান ডালিমগুটি
যেন দাঁত অকণি গজিছে।
সি মোক একেবাৰে এৰিকে নিদিয়ে।
(কেতিয়াবা মোৰ যে ইমান খং উঠে
তুমি নাই নহয়, সেইকাৰণে!)
সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে
তধা লাগি চাই থাকে কিয়?
তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰ
চিনাকি, সেইকাৰণে নহয়?
বাবুল এতিয়া বৰটো হৈছে বুজিছা?
(আৰু ডাঙৰ হ’লে স্কুলত তাক নাম লগাই দিম
সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন
তেনেই উদং হৈ থাকিব, ভাই।)
আৰু কি লিখিম বিশেষ একো নাই।
মোৰে শপত, তুমি যিদিনা উলটি আহিবা,
মোক আগতিয়াকৈ জনাবা দেই।
মই ভোগদৈয়েদি ভটিয়াই গৈ
বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম,
তুমি যিদিনা উলটি আহিবা,
মোক আগতিয়াকৈ জনাবলৈ নাপাহৰিবা দেই।
মৰম ল’বা।
ইতি,
তোমাৰ মমতা
পুনঃ এইবাৰ বুজিছা, মাঘৰ মেজিৰ জুইকুৰা
বৰ ৰঙাকৈ জলিছিল। আমাৰ আইতাৰ কলি
ছাগলীজনীৰ দুটা পোৱালি জগিছে এটা শুধ
বগা আৰু আনটো পখৰা।